সি তাইৰ মন ভুলাবলৈ কত কি যে নকৰিলে ৷ তাইৰ মন পাবলৈ আৰু ভালেকেইটামানৰ হাবিয়াস আছিল; পিচে তাই সকলোৰে মাজত তাকহে বেছি উদ্যমী, সপ্ৰতিভ, ফুৰ্তিবাজ আৰু ব্যক্তিত্বসম্পন্ন যেন দেখি তাকেই হিয়াখন সঁপিলে ৷ সিহঁতে পলম নকৰি বন্ধনত সোমাই পাৰিবাৰিক জীৱন আৰম্ভ কৰিলে – বতৰেও তাত উৎসাহ যোগালে ৷ প্রথমেই সিহঁতৰ প্ৰয়োজন হ’ল সৰু কিন্তু আটোমটোকাৰি আৰু নিৰাপদ এটা ঘৰ ৷ তেনে এটা ঘৰৰ বাবে ঠাই এডোখৰ বিচাৰি উলিওৱাৰ দায়িত্ব স্বাভাৱিকতে তাৰ ওপৰত পৰিল; শেষত চাই-চিতি সন্মতি দিয়াৰ কৰ্তৃত্ব অৱশ্যে তাই নিজৰ হাতত ৰাখিলে ৷ বাটটোৰ মূৰৰ পৰা জুমি চাই সি আনন্দিত হ’ল –“অহ্ হা ! ঠিক বিচৰা ধৰণৰেই ঠাই দেখোন এইডোখৰ; হওঁতে ওলোৱা-সোমোৱা বাটটো অলপ ঠেক, কিন্তু মই ভালকৈয়ে অহা-যোৱা কৰিব পাৰিম, তাইৰতো গাটো সৰু – তাই অনায়সেই পাৰিব ৷”
তাই আহি চালেহি ; প্ৰথমে দুটামান আসোঁৱাহ দেখুৱাৰ পিচত তাই সন্মতি দিলে ৷ ততাতৈয়াকৈ ঘৰটোত সোমাই সিহঁতহাল ব্যস্ত হৈ পৰিল ৷ সি ঘনে ঘনে ওলাই গৈ তাই বিচৰামতে এপদ-দুপদকৈ যোগাৰ আনিলে আৰু তাই সকলো থানথিত লগোৱাত ব্যস্ত হ’ল ৷ অতি কম সময়তেই ঘৰটো সুন্দৰ আৰু আৰামদায়ক পৰিল ৷
সেইবাৰ জাৰকালি জাৰ বৰকৈ নপৰিল আৰু ভবাধৰণেই ফেব্ৰুৱাৰী মাহৰ শেষৰ পৰা বতৰ অতিপাত শুকান হৈ পৰিল ৷ বসন্তৰ আৰম্ভনিৰ বৰষুণ আৰু শিলাবৃষ্টিৰ সৈতে ধুমুহা কেইজাকলৈ তেতিয়াও কিছু সময় আছে ৷ পছোৱাই বতৰটো ধূলিয়ৰী কৰি পেলাইছে; লগে লগে তাপমানো বাঢ়িছে ৷ দুৱাৰ খিৰিকি বন্ধ ৰাখিব লগা হোৱাত ঘৰৰ ভিতৰখন গুপগুপিয়া হৈ পৰিছে ৷ ভাবিলোঁ যে এয়াৰকুলাৰটোকে চলোৱা যাওক ৷ পিচে কুলাৰটোৰ এফালে ফাঁকেৰে দুই-চাৰিডালমান ঠাঁৰি আৰু শোটাৰ কাথিৰ আঁহ কেইডালমান ওলাই থকা দেখা পালোঁ আৰু এনে লাগিল যেন পুৱা-গধূলিৰ চৰাইৰ চিক্-চিক্ মাত আৰু মাজে মাজে চৰাইৰ পাখি জোকৰাৰ খৰ্মৰ্ শব্দ কুলাৰটোৰ ভিতৰৰ পৰাই আহিছে; সেয়ে কুলাৰটো নচলাই দুদিনমান ৰওঁ বুলি ভাবিলোঁ ৷
এবাৰ মেচিনটো চোৱাই লওঁ বুলি চাৰ্ভিচ-চেণ্টাৰলৈ ফোন কৰিলো ; চাৰ্ভিচৰ মানুহ এজন সোনকালেই আহিল আৰু জখলাৰে ওপৰলৈ উঠি কুলাৰটোৰ তলফালৰ ঢাকোনখন খুলিলে ৷ দেখিলোঁ ঢাকোনখনৰ এমূৰে সুন্দৰকৈ খাজখাই আছে এটা চৰাইৰ বাহ আৰু তাত তিনিটা পোৱালি; পোৱালিকেইটা তেনেই সদ্যোজাত--কণীৰ চোকোৰাকেইটা অকণমানি গাকেইটাত লাগিয়েই আছে, চকু মেল খোৱাই নাই, ভোক লাগিছে বুলি চিঁচিঁয়াবই পৰা নাই ৷ মাক-বাপেকহাল কাষত নাই – চাগে উমনিৰ পৰা মুক্ত হৈ ওচৰ-চুবুৰীয়াক পোৱালি জগাৰ খবৰ দিবলৈ গৈছে; পোৱালিকেইটাৰ নিৰাপত্তাৰ চিন্তাৰ পৰাও সিহঁত মুক্ত কাৰণ ওলোৱা-সোমোৱা বাটটোৰে কোনো কোমল মঙহলোলুপ জীৱই বাহটো ঢুকি পাব নোৱাৰে; বাটটো ষ্ট্ৰেটেজিক - কুলাৰটোৰ আউটড’ৰ ইউনিটৰ পৰা ইনড’ৰ ইউনিটলৈ অহা টিউবদুটা বেৰৰ যিটো ফুটাৰে সৰকাই অনা হৈছে সেই ফুটাটোৰ ভিতৰতভাগ আৰু টিউবৰ মাজৰ সামান্য ফাঁককণেই বাহটোলৈ সোমোৱা বাট যিটোৰে কাউৰীয়ে ঠোঁট আৰু মেকুৰীয়ে হাঁতোৰা কোনোপধ্যে সুমুৱাব নোৱাৰে ৷
আমি দুয়োজনে অতি সাৱধানে পোৱালিকেইটাৰে সৈতে বাহটো লৰচৰ নকৰাকৈ কুলাৰটোৰ ঢাকোনখন আকৌ লগালোঁ আৰু বিশদিনমানলৈ কুলাৰটো নচলাওঁ বুলি থিৰাং কৰিলোঁ ৷ মই প্ৰায় নিশ্চিত যে চৰাইহাল ঘৰচিৰিকাই হ’ব কাৰণ ওচৰে-পাজৰে দেখাপোৱা বুলবুলি, দহিকতৰা আদি সৰু চৰাইয়ে গছত বা ঘৰৰ কোনো মুকলি অংশতহে বাতিএকোটাৰ দৰে বাহ সাজে আৰু বাহ সাজিবলৈ মানুহৰ ঘৰৰ খোৰোং বিচাৰি ফুৰা ঘৰশালিকা সেইটো বাটেৰে সোমাব নোৱাৰে ৷
মই সেই বাটটোত সঘনে চকু ৰাখিলোঁ আৰু দেখিলোঁ যে চৰাইহাল ঘৰচিৰিকাই হয় ৷ দিনৰদিনটো হালেই ব্যস্ত, ঘনেপতি সৰু ঠোঁটকেইটাত যিকন খোৱাবস্তু আনিব পাৰে তাকে পোৱালিকেইটাক খুৱাইহি; পোৱালিকেইটাই ‘আৰু লাগে আৰু দিয়া’ বুলি চিঁচিঁয়াই আৰু মাক-বাপেকহালে সিহঁতৰ ভোক গুছাবলৈ ঘনেঘনে মেচিনটোৰ পৰা ওলোৱা-সোমোৱা কৰি থাকে; দিনে-দিনে গৰম হৈ অহা ধূলিময় বতৰত মোৰ যে কি অস্বস্তি হৈছে তালৈ সিহঁতৰ সমূলি ভ্ৰূক্ষেপ নাই ৷
পোন্ধৰদিনমানৰ পাচত এদিন দুপৰীয়া দেখিলোঁ এটা এটাকৈ পাঁচটা চৰাই সুৰঙ্গটোৰে ওলাই উৰামাৰি কাষৰে আমগছজোপাৰ ডালত পৰিছেগৈ আৰু গধূলিপৰত পাঁচোটাকে সুৰঙ্গটোৰে সোমোৱাও দেখিলোঁ ৷ আৰু পাঁচ-ছয়দিনমানৰ পাচত মেচিনটোৰ পৰা চিক্-চিক্ মাত আৰু পাখি কটালাৰ খৰমৰণিৰ শব্দ নহা হ’ল ৷
“পোৱালিকেইটা ডাঙৰ হৈ গ’লগৈ তেনে ৷”—মনতে ভাবিলোঁ আৰু জখলাডালেৰে উঠি কুলাৰটোৰ ঢাকোনখন খুলি দেখিলোঁ যে খালি বাহটো এৰাপৰলীয়া হৈ পৰি আছে ৷ মনত খেলালে,-“সেইহালে চাগে নতুনকৈ এবাহ পোৱালি তুলিবলৈ আন এঘৰত আন এটা মেচিনৰ ভিতৰত নিৰাপদ ঠাই অকণমান আকৌ বাচি ল’লেগৈ ৷”
মেচিনটো চাফ-চিকুণ কৰি চলালোঁ আৰু মহাআৰামেৰে দুপৰীয়া ভাতঘুমটি মাৰোঁ বুলি বাগৰ দিলোঁ ৷ পিচে কিছুমান ভাৱৰ অগাডেৱাই ঘূমটিক বিদূৰ কৰি ৰাখিলে – এই যে চৰাইহাল, সিহঁতে অকণমান ঠাইতেই কেনে আটোমটোকাৰিকৈ এটা ঘৰ সাজিলে, পোৱালি তুলি নিজৰ ডেউকাত উৰিব পৰাও কৰিলে – আৰু আমি মানুহবোৰ—একোটা আহল-বহল ঘৰ, পৰিয়ালৰ প্ৰত্যেকৰে বাবে একোটা সুকীয়া কোঠা –কিন্তু তথাপি নোজোৰে, তথাপি নাটে – দিনৰ পিচত দিন ধৰি ঘৰটো ‘ঘৰ’ কৰি ৰখাৰ চেষ্টাত হায়ৰান ৷ চৰাইবোৰ সদাই মুকলিমূৰীয়া, সদাই সুখী, জীৱনসুধা পান কৰি প্ৰাণচাঞ্চল্যৰে মতলীয়া – আমি মানুহবোৰ চিৰবন্দী, চিৰকাল অসন্তোষীয়া আৰু শেষ উশাহলৈকে জীৱনসুধা পান কৰিব নোৱাৰাকৈ দুখী ৷ জীৱনৰ পৰিপূৰ্ণতাৰ বাবে সুখৰ বাদে আমিনো আৰু বিচাৰোঁ কি! আৰু চৰাইবোৰ দেখো আমাতকৈ বহুগুণে সুখী ৷
হে ভগৱান ! যদিহে পুণৰজনম আছে তেনে অহাজনমত মোক এটি চৰাই কৰিয়েই জনম দিবা !